কোবাল সোঁতক নেওচি মাউতক পিঠিত উঠাই উফন্দি উঠা নৈ পাৰ কৰিলে গজৰাজে, ভাইৰেল ভিডিঅ’…

সততে কোৱা হয়, হাতী বৰ জ্ঞাণী জন্তু। ভগৱানৰে এক অৱতাৰ বুলি বহুতেই হাতীক পূজাও কৰা দেখিবলৈ পোৱা যায়।

এই কথাখিনিয়ে যেন পুনৰ এবাৰ সঁচা প্ৰমাণিত হ’ল বিহাৰ ৰাজ্যত।

শেহতীয়াভাৱে সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হোৱা এক ভিডিঅ’ই আচৰিত কৰি তুলিছে সকলোকে।

ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি মাউতক পিঠিত বহুৱাই ভৰা গংগা নদী পাৰ কৰিলে এটা গজৰাজে।

বিহাৰৰ বৈশালীৰ ৰাঘোপুৰত এটা হাতীয়ে মাউতক পিঠিত বহুৱাই লৈ গংগা সাঁতুৰি পাৰ হবলৈ চেষ্টা কৰি থকা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত।

জানিব পৰা মতে, মঙলবাৰে গংগাৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি হোৱাৰ বাবে হাতীৰ সৈতে মাউত গৰাকী ৰাঘোপুৰ অঞ্চলত আবদ্ধ হৈ পৰিছিল। ইয়াৰ পিছতে, মাউত গৰাকীয়ে হাতীৰ সৈতে গংগা পাৰ হোৱাৰ সিদ্ধান্ত লয় আৰু হাতীৰ পিঠিত উঠি গংগা নদীৰ কোবাল সোঁতক নেওচি সুকলমে পাৰ হয় আনটো পাৰত।

স্থানীয় লোকে জনোৱা মতে মঙলবাৰে, মাউত গৰাকী হাতীৰ সৈতে হঠাতে গঙ্গাৰ পানী বাঢ়ি যোৱাত আবদ্ধ হৈ পৰে। হাতীটো পাৰ কৰাবলৈ প্ৰয়োজন আছিল এখন ডাঙৰ নাঁৱৰ। কিন্তু মাউতৰ ওচৰত টকা নথকাৰ বাবে তেওঁ হাতীটোৰ সৈতেই নদী পাৰ হোৱাৰ সিদ্ধান্ত লয়।

ভিডিঅ’টোত মাউত জনক হাতীৰ পিঠিত কাণ দুখনত ধৰি বহি থকা দেখা গৈছিল।

হাতীটোৱে ৰুস্তমপুৰ ঘাটৰ পৰা পাটনা জেটুকী ঘাটলৈ এক কিলোমিটাৰ বাট সুকলমে সাঁতুৰি পাৰ হৈ যায়।