১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু ছোৱালীজনী জে’লত! সৰ্বত্ৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী….

এটা কবিতাৰ বাবেই বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দিবলৈ বহুজনেই দাবী তুলিছে সামাজিক মাধ্যমত।

১৬ জুলাইত স্নাতক মহলাৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে বৰ্ষাশ্ৰী।

কিন্তু পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন থকাৰ পিছতো এতিয়াও কাৰাগাৰৰ কুঠৰীত আৱদ্ধ হৈ জামিনৰ বাবে অপেক্ষা কৰিছে বৰ্ষাশ্ৰীয়ে।

photo1657706534
১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু ছোৱালীজনী জে’লত! সৰ্বত্ৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী.... 4

উল্লেখ্য যে, যোৱা ১৮ মে’ত যোৰহাট আৰক্ষীয়ে আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত এজাৰগুৰিৰ নিৱাসী তথা ডিচিবি কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰ্ষাশ্ৰীৰ এটা বৈপ্লবিক চেতনাৰ কবিতা। এই কবিতাটোৰ বাবেই বৰ্ষাশ্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি চৰ্চা চলিছে সামাজিক মাধ্যমত।

photo1657706656
১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু ছোৱালীজনী জে’লত! সৰ্বত্ৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী.... 5

সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে কোনো কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

বৰং নিজে আলফা স্বাধীনত যোগ দিম বুলি লিখা বাবে আৰু আনকো আলফা স্বাধীনত যোগদানৰ বাবে প্ৰৰোচিত কৰাৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

ইয়াৰ মাজতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দিবলৈ বহুতৰে লগতে দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

সংগঠনটোৰ নেতৃত্বই কয়- বৰ্ষাশ্ৰী এগৰাকী মেধাৱী ছাত্ৰী। কবিতাৰ মাধ্যমেৰে তেওঁ নিজৰ মনৰ অনুভৱহে ব্যক্ত কৰিছে। পিছে ইয়াক ৰাষ্ট্ৰদ্ৰোহ হিচাপে গণ্য কৰাটো দুৰ্ভাগ্যজনক। বৰ্ষাশ্ৰীৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শীঘ্ৰেই তেওঁক মোকোলাই দিয়াৰ ব্যৱস্থা কৰক।

photo1657706612
১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু ছোৱালীজনী জে’লত! সৰ্বত্ৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী.... 6

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই কয়- পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছপুৰত বহিয়ে ৰাজ্যৰ শাসন চলাইছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কথাতে ৰাইজৰ কাষত থকা বুলি পৰিচয় দিব বিচাৰে। যদি তেওঁ প্ৰকৃতাৰ্থত ৰাইজৰ নেতা হ’ব বিচাৰে তেন্তে তেওঁৰ অধীনত থকা গৃহ বিভাগটোক নিয়ন্ত্ৰণ কৰক। ৰাইজে মনৰ ভাব প্ৰকাশ কৰাতো যদি আৰক্ষীয়ে বাধা দিয়ে, তেন্তে ভৱিষ্যতে ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব আৰু তেতিয়া কোনো আৰক্ষীয়ে ৰাইজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব।