বিষয়াৰ স্বাক্ষৰ জাল কৰি চাকৰিৰ পৰা নিলম্বন জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱা…

যুটীয়া স্বাস্থ্য সেৱা বিষয়াৰ স্বাক্ষৰ জাল কৰি বিষয়াৰ স্বাক্ষৰ জাল কৰি চাকৰিৰ পৰা নিলম্বন হ’ল এগৰাকী চৰকাৰী কৰ্মচাৰী।

দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱাক চাকৰিৰ পৰা নিলম্বন।

বৰুৱাই দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা বিষয়াৰ স্বাক্ষৰ জাল কৰি প্ৰমোচনৰ বাবে দাখিল কৰিছিল পত্ৰ।

এই কথা পোহৰলৈ অহাৰ লগে লগে স্বাস্থ্য বিভাগে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰে বৰুৱাক।

লগতে বৰুৱাৰ বিৰুদ্ধে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ ফালৰ মঙ্গলদৈ থানাত দাখিল কৰা হয় এখন এজাহাৰ।

উল্লেখ্য যে, পূৰ্বেও চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰি ২০১৬ চনত চাকৰিৰ পৰা নিলম্বিত হৈছিল অশ্বিনী বৰুৱা।