আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশোৱন্ত সিনহা…

আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশোৱন্ত সিনহা।

১৮ জুলাইত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহা।

দিনৰ প্ৰায় ১.৩০ মান বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব সিনহা।

বিমান বন্দৰত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক আদৰণি জনাব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতাসকলৰ এক প্ৰতিনিধি দলে।

ইয়াৰ পিছতে বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল চৌহদৰ ‘ভাষাতত্ববিদ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ’ত আয়োজন কৰা এখন সভাত অংশ গ্ৰহণ কৰিব যশোৱন্ত সিনহাই।

বিয়লি প্ৰায় ৫ মান বজাত কলাক্ষেত্ৰৰ সেই সভাগৃহতেই সাংবাদিকেৰে সৈতে মত বিনিময় কৰিব সিনহাই।

উল্লেখ্য যে, ২১ জুলাইত ঘোষণা হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল।