নিউজ ডেস্কঃ কেইবাখনো জিলাৰ উপায়ুক্তৰ আকস্মিক ৰদ-বদল অসম চৰকাৰ।
চৰকাৰে প্ৰকাশ কৰা এক নিৰ্দেশনা অনুসৰি, কাছাৰ, গোৱালপাৰা, হাইলাকান্দি, বৰপেটা আদি কেইবাখনো জিলাৰ উপায়ুক্তক বদলি কৰা হৈছে।
জানিব পৰা মতে, কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি কৰা হৈছে কামৰূপৰ উপায়ুক্ত হিচাপে। প্ৰণিধানযোগ্য যে, কাছাৰৰ বান পৰিস্থিতিৰ সময়ত বন্যাৰ্তৰ বাবে অহৰহ কাম কৰি চৰ্চাত আছিল উপায়ুক্ত কীৰ্তি জলী।
তেওঁৰ ঠাইত কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাক।

আনহাতে কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনক পিএইছইৰ অতিৰিক্ত সচিব পদলৈ বলি কৰা হৈছে।
সেইদৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।
গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথক সাংস্কৃতিক সঞ্চলকালয়ৰ সঞ্চালক পদলৈ বদলি কৰি তেওঁৰ ঠাইত খনীন্দ চৌধুৰীক গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি নগাঁৱৰ উপায়ুক্ত এইছ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্তৰূপে বদলি কৰা হৈছে।
সেই দৰে নগাঁৱৰ উপায়ুক্তৰূপে দায়িত্ব প্ৰদান কৰা হৈছে চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক। বাক্সাৰ উপায়ুক্ত আয়ুষ গাৰ্গক বদলি কৰা হৈছে বৰপেটাৰ উপায়ুক্তৰূপে।
আনহাতে গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে।

তদুপৰি দক্ষিণ শালমাৰাৰ ADC লখিমী কুটুমক প্ৰদান কৰা হৈছে দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব। অন্যহাতে পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।
লগতে চাওকঃ
বিবাহ অনুষ্ঠানত দৰা-কইনাই কৰিলে চুক্তিপত্ৰত স্বাক্ষৰ, চৰ্তসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ










