আগন্তুক উপ-নির্বাচনত অসম বিধানসভাৰ ছটা বিধানসভা সমষ্টিৰ হৈ প্রতিদ্বন্দিতা কৰিব বিচৰা প্রার্থীত্ব প্রত্যাশী সকলক পৰা আবেদন পত্ৰ আহ্বান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ (APCC)–এ।
অহা ২৭ ছেপ্তেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
অসমৰ ছটা সমষ্টি ক্ৰমে ১) মাজুলী, ২) থাউৰা, ৩) মৰিয়নি, ৪) তামোলপুৰ, ৫) গোসাঁইগাঁও আৰু ৬) ভৱানীপুৰত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।
কংগ্ৰেছৰ পৰা টিকট বিচৰাসকলে আবেদন পত্ৰৰ সৈতে কোনো মাচুল জমা দিব নালাগে বুলি সদৰী কৰিছে APCCৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷

আবেদন পত্ৰ APCCৰ সভাপতি ভূপেন বৰাৰ হাতত জমা দিব লাগিব।
আবেদন পত্ৰৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা কংগ্ৰেছ কমিটী, সমষ্টিটোৰ অন্তৰ্গত ব্ল’ক কংগ্ৰেছ কমিটী, APCCয়ে প্ৰতিটো সমষ্টিৰ বাবে গঠন কৰি দিয়া সমিতিৰ সভাপতিক জমা দিব লাগিব।









