২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ ‘ৰাজা’ৰ মৃত্যু…

বন্দী অৱস্থাত থকা পৃথিৱীৰ আটাইতকৈ অন্যতম বয়স্ক বাঘ ‘ৰাজা’ৰ মৃত্যু।

পশ্চিম বংগৰ দক্ষিণ খাইৰবাৰী উদ্ধাৰ কেন্দ্ৰত মৃত্যু হোৱাৰ সময়ত ৰাজাৰ বয়স আছিল ২৫ বছৰ আৰু ১০ মাহ।

পশ্চিম বংগৰ বন্দী হৈ থকা আটাইতকৈ পুৰণি ৰয়েল বেংগল টাইগাৰ ‘ৰাজা’ৰ আলিপুৰদুৱাৰ জিলাৰ জলদাপাৰা বনাঞ্চলত থকা আশ্ৰয়স্থলত মৃত্যু হয়।

p01
২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ 'ৰাজা'ৰ মৃত্যু... 5

উল্লেখযোগ্য যে, বাঘৰ প্ৰজাতি সাধাৰণতে ১৮ ৰ পৰা ২০ বছৰ জীয়াই থাকে।

ৰাজাৰ ২৫ তম জন্মদিনটো যোৱা বছৰ বন বিভাগে ২৩ আগষ্টৰ দিনটো চিহ্নিত কৰি উদযাপন কৰিছিল, যিটো দিনত ৰাজাই ২০০৮ চনত বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা বাচি যোৱাৰ পিছত নতুন জীৱন লাভ কৰিছিল।

image 113
২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ 'ৰাজা'ৰ মৃত্যু... 6

২০০৮ চনৰ পৰা দক্ষিণ খাইৰবাৰী বাঘ উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱা ৰাজাক সুন্দৰবনৰ এটা খাদ পাৰ হৈ সাঁতুৰি থাকা অবস্থাত উদ্ধাৰ কৰিছিল।

কেইবাটাও মানক প্ৰটোকলৰ ওপৰত আধাৰিত মূল্যাঙ্কনত ২০০৮ চনত ৰাজাৰ বয়স ১২ বছৰ বুলি নিৰ্ধাৰিত কৰা হৈছিল।

p02
২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ 'ৰাজা'ৰ মৃত্যু... 7

মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন দেৱাল ৰয়ে দিয়া তথ্য অনুসৰি, ৰাজাই সাম্প্ৰতিক সময়ত গুৰুতৰ ৰোগৰ কোনো লক্ষণ প্ৰদৰ্শন কৰা নাছিল আৰু পশু চিকিৎসকসকলে তেওঁৰ মৃত্যুৰ কাৰণ বাৰ্ধক্যজনিত সমস্যা হিচাপে নিৰ্ণয় কৰিছে।

ৰাজাৰ মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ৰয়েল বেংগল টাইগাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে।

লগতে চাওকঃ

হঠাৎ জনপ্ৰিয় হৈ পৰিছে নাগালেণ্ডৰ এইগৰাকী মন্ত্ৰী, এইবাৰ ভাইৰেল হৈছে তেওঁৰ পত্নীক লৈ কৰা টুইট

temjen nagaland
২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ 'ৰাজা'ৰ মৃত্যু... 8