মেট্ৰিকত পাছ কৰিলে ভাল, কিন্তু ফেইল কৰিলেও আকাশখন খহি নপৰেঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্কঃ মেট্ৰিকত পাছ কৰিলে ভাল। কিন্তু ফেইল কৰিলেও ইমান বেয়া কথা নহয়। -এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

সোমবাৰে শিৱসাগৰ আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ সজাগতামূলক এক অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

photo1657604520
মেট্ৰিকত পাছ কৰিলে ভাল, কিন্তু ফেইল কৰিলেও আকাশখন খহি নপৰেঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত 3

ডিজিপি মহন্তই লগতে কয় যে মেট্ৰিকত ফেইল কৰা মানেই মূৰৰ ওপৰত আকাশখন ভাগি নপৰে। জীৱনটোত কৰো বুলিলে বহু উপায় আছে। মনটো হতাশ কৰিব নালাগে।

তেওঁ লগতে কয়, ‘আমাৰ সমাজখন অলপ গণ্ডোগলিয়া। উপায় নাই, সমাজখনেই তেনেকুৱা। সমাজখনে বেছিকৈ হায়ৈ বিয়ৈ কৰে মেট্ৰিকত ষ্টেণ্ড কৰিলে। মৰমত থাকিবই নোৱাৰা হৈ পৰে। কিন্তু ১০-১২ পিছত সেই ল’ৰা বা ছোৱালীজনীয়ে কি কৰিছে সেইটোৱে আচল কথা। সমাজ খনৰ বাবে কিবা কৰিছে নে মানৱ সভত্যাৰ বাবে কিবা ডাঙৰ আৱিস্কাৰ কৰিছে, সেইবোৰ কথা কোনেও নুসুধে।’

photo1657604521
মেট্ৰিকত পাছ কৰিলে ভাল, কিন্তু ফেইল কৰিলেও আকাশখন খহি নপৰেঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত 4

নিজৰ ওপৰত বিশ্বাস ৰাখিছে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বা ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰো ভাল ভৱিষ্যত আছে বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কণ্ঠশিল্পী জুবিন গাৰ্গ, ফেচবুকুৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গৰ উদাহৰণ দি কয় যে তেওঁলোকেও বৰ বেছি পঢ়া নাছিল। কিন্তু তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰৰ জৰিয়তে সফল হৈছে।

1 thought on “মেট্ৰিকত পাছ কৰিলে ভাল, কিন্তু ফেইল কৰিলেও আকাশখন খহি নপৰেঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত”

Comments are closed.