ৰাজ্যত বলিছে এতিয়া উপ-নিৰ্বাচনী গৰম বতাহ।
উপ নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।
দেওবাৰে থাওৰা সমষ্টিৰ ডিমৌত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা।
আগন্তুক উপ নিৰ্বাচনৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী অধিবক্তা কৃষ্ণ গগৈৰ হৈ চিপিআই এম এলৰ সম্পাদক বিবেক দাসৰ সৈতে আঞ্চলিক গণমৰ্চাৰ এখন সভাত অংশ লয় ভূঞাই।
সাংসদ গৰাকীয়ে কয়- চোৰ, ডকাইত, মাফিয়া, হত্যাকাৰী সকলো বিজেপি দললৈ গলে সাত খুন মাফ হয়। বিজেপি দল হ’ল ফিটকিৰি। সকলো চাফ হৈ যায়।
লগতে কয়- বিজেপিলৈ যোৱাৰ তিনিদিন পূৰ্বে দিল্লীত তেওঁ সুশান্ত বৰগোহাঁইক লগ পাইছিল। তেওঁ কেতিয়াও বিজেপিত যোগদান নকৰোঁ বুলি কৈছিল, কিন্তু তিনিদিন পিচত গ’ম পালে যে, তেওঁ বিজেপিলৈ গল। চুড়ান্ত মিথ্যাচাৰ,বিশ্বাসঘাটকতা।
কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত সুশান্ত বৰগোহাঁইয়ে কিয় উন্নয়ন কৰিব নোৱাৰিলে। বিৰোধীত থাকিলে কিয় উন্নয়ন কৰিব নোৱাৰি বুলিও প্ৰশ্ন কৰে ভূঞাই।
লগতে সাংসদ ভূঞাই কয় অসমৰ বিজেপি দলটো এতিয়া কংগ্ৰেছৰ মানুহেৰে ভৰা। গতিকে বিজেপি ব্ৰেকেটৰ ভিতৰত কংগ্ৰেছ।এই আদৰ্শহীন ৰাজনীতিৰ বিপৰীতে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে থাওৰা সমষ্টিবাসী ভোটাৰে বিশ্বাসঘাটক সুশান্তক এশিকনি দিয়ক।









