কিয় বিজেপি ত্যাগ কৰিলে বাবুল সুপ্ৰিয়ই? নিজেই সদৰি কৰিলে সকলো কথা…

সদ্য বিজেপি ত্যাগী পশ্চিম বংগৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই অৱশেষত প্ৰকাশ কৰিলে তেওঁৰ পদত্যাগৰ কাৰণ।

দিদিক সন্মান কৰি তেওঁ আৰম্ভ কৰিলে নতুন ইনিংছ। প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ হৈ হাতত মাইক তুলি ললে বাবুল সুপ্ৰিয়ই।

প্ৰথমেই তেওঁ সদৰি কৰিলে যে কিয় তেওঁ ত্যাগ কৰিলে বিজেপি আৰু যোগদান কৰিলে তৃণমূল কংগ্ৰেছত।

তেওঁ কয় যে, জীৱনে তেওঁক এটি নতুন সুযোগ প্ৰদান কৰিছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব? তেওঁ কলে যে তেওঁৰ বাবে এইয়া ডাঙৰ সুযোগ আহিছে। সুখী মনেৰে তাক গ্ৰহণ কৰিছে তেওঁ। কিন্তু তেওঁৰ সুযোগটো কি?

সেই সন্দৰ্ভত তেওঁ পুনৰ অব্যাহত ৰাখিলে এক ৰহস্য। ৰাজ্যসভাৰ সাংসদ পদ নে বিধায়ক পদ! এনে কোনো কথা তেওঁ নকৰিলে প্ৰকাশ।

Image

তেওঁ কয়, “মোৰ জীৱনত বহু ঘটনাই ঘটিল। তাৰ পৰা মনত যি চিন্তা আহিছে মই সেই প্ৰতিক্ৰিয়াই প্ৰকাশ কৰিছো। গায়ক হিচাপে মই হয়তো কিছু আৱেগপ্ৰবন, কিন্তু ৰাজনীতি এৰাৰ সিদ্ধান্ত মোৰ মনত নাছিল।”

তৃণমূলত যোগদান কৰাৰ সন্দৰ্ভত তেওঁ কয়, “প্লেয়িং ইলেভেনত থাকিব বিচাৰো।” অৰ্থাৎ প্ৰথম একাদশত থাকিব বিচাৰে তেওঁ।

তেওঁ স্পষ্টভাৱে বুজাই দিয়ে যে বিজেপিত তেওঁ অসন্তুষ্ট হৈ পৰিছিল। সেয়েহে তেওঁ ক্ষোভিত হৈ পৰিছিল। কিন্তু তেওঁৰ সেই ক্ষোভ মন্ত্ৰীত্ব হেৰুওৱাৰ নে আন কিবা, সেই কথা তেওঁ নকৰিলে প্ৰকাশ।

অৱশ্যে তেওঁ ইতিহাসক অস্বীকাৰ কৰিব বিচৰা নাই। তেওঁৰ মতে, “য’ত যিটো কৰো সেইয়া মনপুতি কৰো। অতীতৰ কোনো প’ষ্ট ডিলিট নকৰো।”

তেওঁ আৰু কয়, “মাত্ৰ চাৰিদিন আগত ডেৰেক অ’ব্রায়েনৰ সৈতে যোগাযোগ কৰিছিলো। সেই সময়ত গোটেই বিষয়টো অনুপ্ৰেৰণামূলক আছিল। সেয়েহে এই সিদ্ধান্ত লওঁ। বুধবাৰে অধ্যক্ষক লগ কৰি সাংসদ পদৰ পৰা পদত্যাগ কৰিম।”

তেওঁ লগতে কয়, “মই এটা সুযোগ লাভ কৰিছো। এই সুযোগ মমতা দিদিয়ে তৈয়াৰ কৰি দিছে। তৃণমূলৰ পৰা মই প্ৰাণ ভৰা মৰম পাইছো।”

Leave a Comment