এক ভয়ংকৰ পথ দুৰ্ঘটনা।
আৰক্ষী উপ-পৰিদৰ্শকৰ বাহনৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ।
ডিব্ৰুগড় জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰী গাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
AS01EF7020 নম্বৰৰ বাহনখনে তীব্ৰ বেগেৰে খুন্দিওৱাৰ ফলত ঠাইতে নিহত হয় মহিলা এগৰাকী।
জানিব পৰা মতে নিহত মহিলা গৰাকী টকৌবাৰী গাওঁৰ মধে ভূঞাঁৰ পত্নী অকনি ভূঞাঁ (৫০) ৷
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মহিলা গৰাকীয়ে ৰাজপথেৰে আহি থকা অৱস্থাতে ধেমাজি অভিমুখে যোৱা বাহনখনে তীব্ৰ গতিৰে আহি মহিলা গৰাকীক খুন্দিয়াই। তাৰ ফলত ঘটনাস্থলীৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত মহিলা গৰাকী উফৰি পৰে ৷
ইতিমধ্যে মৃতকৰ পৰিয়াল বৰ্গই চিচিবৰগাঁও আৰক্ষী চকীত ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পলায়ন কৰি অহা আৰক্ষী বিষয়া অমৃত দে’ ৰ গাড়ী পিছে পিছে খেদি গাওঁখনৰ বহু কেইগৰাকী যুৱকে ধেমাজি আৰক্ষী থানাত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰে৷
ধেমাজি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে সকলো ব্যৱস্থা গ্ৰহনৰ আশ্বাসৰ পিছতহে যুৱক সকলে আৰক্ষী থানাৰ সন্মুখৰ আতৰি যায় গৈ ৷
এই ঘটনাই সমগ্ৰ চিচিবৰগাঁও অঞ্চলতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।









