হাফপেণ্ট বিতৰ্কঃ কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

ৰাজ্যত শেহতীয়াভাৱে চলি আছে হাফপেণ্টক লৈ বিতৰ্ক।

হাফপেণ্ট বিতৰ্ক সম্পৰ্কত এইবাৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাত এগৰাকী ছাত্ৰীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱাৰ পাছতে পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল ছাত্ৰীগৰাকীক।

অৱশেষত পৰ্দা এখন মেৰিয়াই লৈ পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকীয়ে।

এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয়- ‘সেই পৰীক্ষাটো অনুষ্ঠিত হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে মই কথা পাতিছো আৰু তেওঁ সোমবাৰে ঘটনা সন্দৰ্ভত এখন প্ৰতিবেদন দিব বুলি জনাইছে তেতিয়ালৈ আমি অপেক্ষা কৰিম।’

ইতিমধ্যে শিক্ষা মন্ত্ৰী গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে ঘটনা সন্দৰ্ভত আলোচনা কৰিছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সোমবাৰে এখন প্ৰতিবেদন প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

Leave a Comment