পবিত্ৰ ঈদ উপলক্ষ্যে পাকিস্তান আৰু বাংলাদেশ সীমান্তত মিঠাই বিতৰণ বিএছএফৰ

নিউজ ডেস্কঃ ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদৰ দিনটোত সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই পৰিল ভাৰত-পাকিস্তান। দেওবাৰে ভাৰত-পাকিস্তানৰ মাজৰ আটাৰী-ৱাঘা সীমান্তত ভাৰতীয় সেনা আৰু পাকিস্তানী সেনাই আদান প্ৰদান কৰে ঈদৰ মিঠাই।

এই সন্দৰ্ভত বিএছএফৰ কমাণ্ডেণ্ট জছবীৰ সিঙে কয়, ”যৌথ চেক পোষ্ট (জেচিপি) আটাৰী সীমান্তত ঈদ আল আধাৰ উপলক্ষ্যে পাকিস্তান ৰেঞ্জাৰসকলক বিএছএফে মিঠাই প্ৰদান কৰে। সীমান্তত টহলদাৰী দুই পক্ষৰ জোৱানৰ মাজত উৎসৱৰ সময়ত পূৰ্বৰে পৰাই এনেদৰে আদান-প্ৰদান চলি আহিছে। ই আমাৰ পৰম্পৰা, সদিচ্ছা, আৰু শান্তিকো প্ৰতিনিধিত্ব কৰে।”

image 95
পবিত্ৰ ঈদ উপলক্ষ্যে পাকিস্তান আৰু বাংলাদেশ সীমান্তত মিঠাই বিতৰণ বিএছএফৰ 2

আনহাতে ভাৰত-বাংলাদেশ সীমান্ততো বাংলাদেশী সেনাৰ মাজত ঈদৰ মিঠাই বিতৰণ কৰে বিএছএফে।

উল্লেখ্য যে, আজি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী সকলে পালন কৰিছে বকৰ ঈদ বা ঈদ উল আধাৰ। ইছলামিক বা চন্দ্ৰ পঞ্জিকাৰ দ্বাদশ মাহৰ ধু আল-হিজ্জা মাহৰ দশম দিনা এই উৎসৱ পালন কৰা হয়। ই বছৰেকীয়া হজ ভ্ৰমণৰ সমাপ্তিৰো সংকেত দিয়ে।