মেট্ৰ’ ষ্টেছনত হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে জন্মদিন পালন কৰি গ্ৰেপ্তাৰ জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ তানেজা

নিউজ ডেস্কঃ কোভিডৰ বৰ্দ্ধিত সংক্ৰমণ স্বত্বেও হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে মেট্ৰ’ ষ্টেছনত জন্মদিন পালন কৰি ১৪৪ ধাৰা উলংঘন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হ’ল জনপ্ৰিয় ইউটিউবাৰ তথা ছ’চিয়েল মিডিয়াৰ অতি প্ৰভাৱশালী ব্যক্তি গৌৰৱ তানেজাক।

নয়ডা চেক্টৰ ৫১ৰ মেট্ৰ’ ষ্টেচনত শনিবাৰে গৌৰৱ তানেজাই কেইবাহাজাৰ অনুৰাগীৰ সৈতে জন্মদিন পালন কৰাৰ সময়ত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। মেট্ৰ’ ষ্টেছনৰ আন আন যাত্ৰী বৃহৎ জনসমাগমৰ ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰথমে আটক কৰে গৌৰৱ তানেজাক। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউটিউবাৰগৰাকীক।

image 93
মেট্ৰ’ ষ্টেছনত হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে জন্মদিন পালন কৰি গ্ৰেপ্তাৰ জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ তানেজা 3

উল্লেখ্য যে, ইউটিউবাৰ গৌৰৱ তানেজাই ইনষ্টাগ্ৰামযোগে তেওঁৰ অনুৰাগীসকল মেট্ৰ’ ষ্টেছনত জন্মদিন উদযাপনৰ বাবে আমন্ত্ৰণ জনাইছিল। তাৰ পিছতে নয়ডা চেক্টৰ ৫১ মেট্ৰ’ ষ্টেচনত ভিৰ কৰে হাজাৰ হাজাৰ লোকে। যাৰ ফলত মেট্ৰ’ সেৱাত প্ৰভাৱ পৰাত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

হঠাৎ অনুৰাগীৰ হুলস্থুলৰ ফলত মেট্ৰ’ৰে যাতায়ত কৰা যাত্ৰীসকলৰ বাবে এক অশান্তিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ তীব্ৰ অসুবিধাৰ সন্মুখীন হয় মেট্ৰ’ৰ কৰ্মচাৰীসকলো। যাৰ পিছত পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মেট্ৰ’ ষ্টেছনটো খালী কৰিবলগীয়া হয়।

ইফালে, প্ৰতিবেদন অনুসৰি চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি কৰি নিয়ম উলংঘা কৰাৰ বাবে গৌৰৱক জিম্মাত লোৱা হয়। ভাৰতীয় দণ্ডবিধিৰ ২৪১ ধাৰা (অসৎ সংযমৰ শাস্তি) আৰু ১৮৮ ধাৰা (এজন জনসেৱকে আইনগতভাৱে জাৰি কৰা আদেশ অমান্য কৰা)ৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে গৌৰৱক দুঘণ্টা ধৰি আৰক্ষীৰ জিম্মাত ৰখা হয়।

image 94
মেট্ৰ’ ষ্টেছনত হাজাৰ হাজাৰ অনুৰাগীৰ সৈতে জন্মদিন পালন কৰি গ্ৰেপ্তাৰ জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ তানেজা 4

উল্লেখ্য যে, জনপ্ৰিয় ইউটিউবাৰ, প্ৰাক্তন পাইলট আৰু মল্লযুঁজাৰু গৌৰৱ তানেজা খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক। বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদত তেওঁ আইন বিষয়ত অধ্যয়ন কৰি আছে। গৌৰৱ বৰ্তমান ভাৰতৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ।

তেওঁৰ তিনিটা ইউটিউব চেনেল- ফ্লাইং বিষ্ট, ফিট মাছল টিভি আৰু ৰাসভাৰী কে পাপাত আছে লাখ লাখ চাবস্ক্ৰাইবাৰ। য’ত তেওঁ ফিটনেছ সম্পৰ্কীয় ভিডিঅ’ৰ লগতে তেওঁৰ দৈনন্দিন জীৱনৰ ভ্লগ আৰু লাইভ ষ্ট্ৰিম কৰে।