মহানগৰীত চাঞ্চল্যকৰ ঘটনা!
শৰাইঘাট দলঙৰ পৰা জাপ দিলে এজন যুৱকে।
প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে অপ্ৰান চেষ্টা চলাইছিল যুৱকজনক বছাবলৈ।
যুৱজনৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে যদিও উদ্ধাৰ হোৱা সম্পূৰ্ণ পৰিচয়।
যুৱকজনক বিচাৰি নদীত অভিযান SDFR & NDRF আৰু নদী আৰক্ষীৰ।
প্ৰত্যক্ষ দৰ্শীৰ লগতে আৰক্ষী আৰু এছ ডি আৰ এফৰ লোকে যুৱকজনক পতিয়ন নিয়াবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছিল যদিও কাৰোৱে কথা নুশুনি অৱশেষত যুৱকজনে নদীত জাঁপ দিয়ে।
যুৱকজনে জাঁপ দিয়াৰ লগে লগে তেওঁলোকৰ এটা দলে নাও লৈ উদ্ধাৰ অভিযান চলাই আৰু যুৱকজনলৈ লাইফ জেকেট আগবঢ়ায়।
কিন্তু লাইফ জেকেট ল’বলৈ অমান্তি কৰি যুৱকজনে সাঁতুৰিবলৈ ধৰে আৰু কিছু সময় পিছত নিখোজ হৈ পৰে।
বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱকজন।









