পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।
মহানগৰীৰ আজাৰা আৰক্ষীৰ জালত দুধৰ্ষ চোৰ আকাশদীপ সিং।
আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই দুৰ্ধৰ্ষ চোৰ আকাশদ্বীপ সিং আৰক্ষীৰ গুলিত গুলিবিদ্ধ হয়।
আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই অভিযান চলাই আতক কৰিছিল আকাশদ্বীপ সিঙক।
আজাৰা অঞ্চলৰ পৰা আজাৰা আৰক্ষীয়ে পন খেদি ভৰলুত আটক কৰিছিল দুধৰ্ষ চোৰ আকাশদীপ সিংক।
মহানগৰীৰ বহু ঠাইত টকা, সোণৰ চেইন কাঢ়ি নিয়া আৰু গাড়ী, ঘৰ , দোকান চোৰ কাৰ্যত জৰিত আছিল আকাশদ্বীপ।
নিশা আজাৰা আৰক্ষীয়ে দুধৰ্ষ চোৰ আকাশদীপ সিংক লৈ চোৰ বিৰুদ্ধে অভিযান চলাই থাকোতে ধাৰাপুৰ SOS পথৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে।
আহত আকাশদ্বীপ ক GMCHত ভৰ্ত্তি কৰা হৈছে।









