এক ভয়ংকৰ পথ দুৰ্ঘটনা।
৪ আৰোহীসহ দ’ খাৱৈত সোমাল চাৰিচকীয়া বাহন।
কলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।
নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথৰ পৰা উফৰি গৈ দ’ খাৱৈত সোমাল AS 21 F 1624 নম্বৰৰ অল্ট-৮০০ বাহন। কথমপী প্ৰাণ ৰক্ষা এগৰাকী মহিলা সহ তিনি আৰোহীৰ।
জানিব পৰা মতে, জাগিৰোড কাগজ কলৰ আবাসগৃহ খালি কৰি গোলাঘাটৰ ঘৰলৈ গৈ আছিল তিনিজনীয়া পৰিয়ালটো।
আজিজুৰ ৰহমান নামৰ লোকজনে নিজৰ অল্ট বাহন খনেৰে পত্নী-পুত্ৰৰ সৈতে গোলাঘাট অভিমুখে গৈ থকাৰ সময়তে পুৱতিনিশা প্ৰায় ৩ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বুঢ়াপাহাৰ চাহ বাগিছাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা দ-খাৱৈত সম্পূৰ্ণ ভাৱে সোমাই পৰে।
জনশূন্য এলেকাটোত সহায় বিচাৰি আৰ্তনাদ কৰিছিল যদিও কোনো লোক উপস্থিত নোহোৱাত পাছৰ দুৱাৰ খুলি কোনোমতে প্ৰাণ বচাই ওলাই আহিবলৈ সক্ষম হয় মহিলাসহ তিনি আৰোহী।
অৱশেষত পুৱা আৰক্ষীয়ে বাহনখন পাৰলৈ উঠাই অনাৰ ব্যৱস্থা কৰে।









