দন্ত চিকিৎসকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যঃ আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল।

আঙুৰলতাৰ বিৰুদ্ধে শিলচৰ থানাত দাখিল কৰা হৈছে এজাহাৰ।

দন্ত চিকিৎসকসকলক উদ্দেশ্যি কটু মন্তব্য কৰাৰ অভিযোগ আঙুৰলতা ডেকাৰ বিৰুদ্ধে।

উল্লেখ্য যে, দুদিন পূৰ্বে আঙুৰলতা ডেকাই এক সংবাদ মেলত ৰোগী চোৱাৰ নামত পুৰুষ দন্ত চিকিৎসকে মহিলা ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল।

এই মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে দন্ত চিকিৎসক সংস্থাই।

আঙুৰলতা ডেকাৰ মন্তব্যত অপমানবোধ কৰি দন্ত চিকিৎসক সংস্থাই দাখিল কৰিছে এজাহাৰ।

ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰে এজাহাৰ।

সভাপতিগৰাকীয়ে আঙুৰলতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।

bd45d32c 57ac 455a 9088 adc29a0f17d7

Leave a Comment