নদীত প্ৰতিমা বিসৰ্জনৰ বাবে গৈ থকা সময়তে পথৰ দাঁতিত বাগৰি পৰিল মেক্সিম’ বাহন, কমেও ১৫ জন আহত

নিউজ ডেস্কঃ নদীত প্ৰতিমা বিসৰ্জনৰ বাবে যোৱাৰ পথতে সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কমেও ১৫ জনকৈ লোক। এই দুৰ্ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত।

জানিব পৰা মতে, বুধবাৰে ধনশিৰি নদীত পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে গৈ থকা সময়তে এখন মেক্সিম’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাৰ ফলত বাহনখনৰ ভিতৰত থকা ১৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত সকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, মঙলবাৰে গোঁসাইগাঁৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১২ জনকৈ লোক আহত হৈছিল। গোঁসাইগাঁৱৰ দমৰাপাৰা অঞ্চলত এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত আহত হৈছিল যাত্ৰীকেইজন।