কঠোৰ ৰাজ্য চৰকাৰ! সাংবাদিকৰূপী শিক্ষকক নিলম্বন…

শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ।

সাংবাদিকৰূপী শিক্ষকক কৰিলে নিলম্বন।

LIC আৰু সাংবাদিকতা কৰা শিক্ষকৰ প্ৰতি অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ।

শিক্ষকতা কৰি থকাৰ পিছতো আন বৃত্তিত জড়িত হৈ থকা শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ অভিযান।

সাংবাদিকতাৰ সৈতে জড়িত থকা এগৰাকী শিক্ষকক নিলম্বন কৰিলে শিক্ষা বিভাগে।

image 58
কঠোৰ ৰাজ্য চৰকাৰ! সাংবাদিকৰূপী শিক্ষকক নিলম্বন... 3

মুকালমুৱাৰ ৰাজেন ডেকাক নিলম্বন শিক্ষা বিভাগৰ।

লাউপাৰ হাইস্কুলৰ সহকাৰী শিক্ষকতা কৰি থকাৰ লগতে এখন কাকতৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত আছিল ডেকা।

নলবাৰী জিলাৰ SI ৰ নিৰ্দেশমৰ্মে ৰাজেন ডেকাক নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, ৰাজেন ডেকাই চৰকাৰৰ নিৰ্দেশক অমান্য কৰি সাংবাদিকতা কৰাৰ বাবেই তেওঁক নিলম্বন কৰা হয়।

লগতে চাওকঃ

পিতৃ-কন্যাই একেলগে যুঁজাৰু বিমান উৰুৱাই সৃষ্টি কৰিলে নতুন অভিলেখ…

G7
কঠোৰ ৰাজ্য চৰকাৰ! সাংবাদিকৰূপী শিক্ষকক নিলম্বন... 4