পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত দুই উগ্ৰপন্থী সংগঠনৰ সদস্য…

কোকৰাঝাৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত নিহত দুই উগ্ৰপন্থী সংগঠনৰ সদস্য।

ভাৰত-ভূটান সীমান্তৰ লুংছুঙত পুৱতি নিশা সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা।

নিহতদ্বয় ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী।

নিহত উগ্ৰপন্থী দুজনৰ মৃতদেহ ৰখা হৈছে আৰ এন বি হাস্পতালত।

দুই উগ্ৰপন্থীৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টল, ৮টা হেণ্ডগ্ৰেণেড আৰু আপত্তিজনক সামগ্ৰী।

যুৱক দুজন নৱগঠিত ULBৰ বুলি সন্দেহ কৰা হৈছে।

অসমক দ্বিখণ্ডিত কৰি পৃথক বড়ো ৰাজ্য গঠণৰ দাবীৰে দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰিছিল নৱগঠিত ULB নামৰ সংগঠনটো।

Leave a Comment