বলিয়া বানে সৰ্বস্বান্ত কৰি গ’ল ৰাজ্যবাসীক।
উজনি কি নামনি সকলোতে বানপানীৰ ভয়াৱহ পৰিস্থিতি।
বানপানীৰ কবলত পৰি ঘৰবাৰী হেৰুৱাই আলৈ আথানি নোহোৱা হৈ পৰিছে বহু লোকৰ।
ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু বিশিষ্ট লোকে অসমলৈ আগবঢ়াইছে সহায়ৰ হাত।
এইবাৰ বলিউডৰ পৰিচালক কৰণ জোহৰে বান বিধ্বস্ত অসমলৈ আগবঢ়াইছে সহায়ৰ হাত।
অসমৰ বান পীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পৰিচালক গৰাকীয়ে আগবঢ়াইছে ১১ লাখ টকাৰ সাহায্য।
Grateful to film producer Shri @karanjohar and Dharma Productions for contributing ₹11 lakh to CM Relief Fund.
— Himanta Biswa Sarma (@himantabiswa) July 5, 2022
Also acknowledge Shri Rohit Shetty for his initiative of getting the entire Indian film industry together for the cause of #AssamFloods.@iamrohitshetty
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা।
লগতে অভিনেতাগৰাকীক এই দানৰ বাবে ধন্যবাদো জনায় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুকেশ আম্বানীয়ে ২৫ কোটি টকা, বলিউডৰ অভিনেতা আমিৰ খান, অৰ্জুন কাপুৰ , ছবি পৰিচালক ৰোহিত ছেট্টি আনকি ধৰ্মগুৰু দালাই লামায়ো অসমৰ বানৰ বাবে আৰ্থিক সহায় আগবাঢ়াইছে।









