অসম

গৰাখহনীয়াৰ কাল ৰূপ! লুইতৰ বুকুত জাহ গ’ল সদাব্যস্ত গড়কাপ্তানি পথ, ৰাইজৰ যাতায়ত বিড়ম্বনা…

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ।

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ আণ্ডাভঙা-কাছুমাৰা-ম’হচৰা অঞ্চলত খহনীয়া অব্যাহত।

চকুৰ সন্মুখতে নদীয়ে খহাই নিলে অঞ্চলটোৰ পৰা গুৱাহাটী সংযোগী এটি পকী ৰাজপথ।

অঞ্চলটোত সম্প্ৰতি ব্যাহত হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা।

সমান্তৰালকৈ অৱশিষ্ট পথৰ মাজেদিও বৃহৎ ফাঁট মেলাত নৈৰ বুকুত সম্পূৰ্ণ পথচোৱা জাহ যোৱাৰ আশংকা কৰিছে অঞ্চলবাসী ৰাইজে।

সমষ্টিটোৰ প্ৰায় ৪৮ হাজাৰ লোকৰ জীৱনলৈ ভাবুকি নমাইছে এই গড়কাপ্তানি পকী পথটিয়ে।

খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে পাৰ্কুপাইন’ৰ আৰ্হিত বাঁহ আৰু বিভিন্ন গছ-বিৰিখ জাপি দিও ৰোধিব পৰা নাই লুইতৰ আগ্ৰাসন।

সেয়েহে জনপ্ৰতিনিধিৰ লগতে মূখ্যমন্ত্ৰীলৈ ৰাইজে জিঅ’ বেগ দি নৈৰ পাৰ বান্ধি দুৰ্গত নৈপৰীয়াক বচোৱাৰ কাতৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *