মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ

নিউজ ডেস্কঃ মৃত্যুৰ কিৰিলিয়ে বিভীষিকা নমাই অনা মণিপুৰৰ নোনে জিলাৰ টুপুলত অব্যাহত আছে উদ্ধাৰ অভিযান।

এনডিআৰএফ, এছডিআৰএফ, ভাৰতীয় সেনা, আছাম ৰাইফলছৰ উদ্ধাৰকাৰী বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা প্ৰতিদিনে উদ্ধাৰ কৰি আছে কেইবাটাও মৃতদেহ।

ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা জোৱান, শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কান্দোৰল ৰোল উঠিছে চৌদিশে।

সোমবাৰেও উদ্ধাৰকাৰী বাহিনীয়ে প্ৰতিকূল বতৰৰ মাজতো উদ্ধাৰ অভিযান চলাই আৰু ৪টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সোমবাৰে টুপুল য়াৰ্ড ৰে’লৱেৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ ভিতৰত আছে গোলকগঞ্জৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহটোও। এই খবৰ লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰিছে কমলেশ তালুকদাৰৰ পৰিয়াল।

photo1656998869
মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ 3

উল্লেখ্য যে, ধুবুৰী জিলাৰ আগমণি কালডোবা দ্বিতীয় খণ্ডৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰে ভূমিস্খলনৰ নিশা আন দুই সহকৰ্মী বন্ধুৰ সৈতে টুপুল য়াৰ্ড ৰে’লৱে ৰেষ্ট হাউচত শুই আছিল।

সেই সময়তে প্ৰচণ্ড ভূমিস্খলনে পুতি পেলায় তেওঁলোকক।

পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহিনীয়ে দুই বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সন্ধানহীন হৈ আছিল কমলেশ তালুকদাৰ। যাৰ বাবে অন্ততঃ ক্ষীণকৈ হ’লেও কমলেশ জীয়াই থকাৰ আশা কৰিছিল পৰিয়ালে।

কিন্তু সোমবাৰে উদ্ধাৰ হোৱা মৃতদেহৰ মাজৰ পৰা পৰা পৰিয়ালৰ লোকেই কমলেশ তালুকদাৰক চিনাক্ত কৰাৰ পিছত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ।

লগতে চাওকঃ

শোকাৱহ! চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে খনাৰায় কাকতিয়ে…

photo 2022 07 05 13 35 48
মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ 4