ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰেবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহী কৰুণা ডেকাক, মৃত্যু…

এক শোকৱাহ পথ দুৰ্ঘটনা।

তীব্ৰেবেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে কৰুণা ডেকা নামৰ বাইক আৰোহীগৰাকী।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ছিপাঝাৰৰ মটৰ ষ্টেচনত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, বাইক আৰোহীজনক প্ৰথমে মেজিক এখনে খুন্দিয়াই৷ মেজিকৰ খুন্দাত চিটিকি গৈ তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই পৰে যুৱকজন৷

ঘটনা সংঘটিত কৰি মেজিকখনৰ পলায়ন কৰে৷

ইতিমধ্যে ছিপাঝাৰ আৰক্ষীয়ে জব্দ কৰে AS12E–1992 নম্বৰৰ ট্ৰাকখন ৷

যুৱকজনে ব্যৱহাৰ কৰা বাইকখনৰ নম্বৰ –AS01EB-8576.

ছিপাঝাৰ বাছ আস্থানত জধে মধে মেজিক সমুহ ৰখাই থোৱাৰ বাবে এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে৷