ভয়ংকৰ পথ দুৰ্ঘটনা! ৰথযাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰথযাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোক আহত।

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰথ যাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেক্টৰ দুৰ্ঘটনাগ্রস্ত। 

সোণাৰি নগৰৰ চেনিগুদামত বাগৰিল এ এছ ০৪ এ চি ৯৯৮০ নম্বৰৰ ট্ৰেক্টৰখন।

প্ৰায় অৰ্ধশতাধিক যাত্ৰীক কঢ়িয়াই নিছিল ট্ৰেক্টৰখনে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰায় ৩০ জনৰো অধিক যাত্ৰী।

ইয়াৰে ৯ জন গুৰুতৰভাৱে আহত লোকক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসা অব্যাহত আছে ২৫ জনৰো অধিক দুৰ্ঘটনাত পতিত লোকৰ।

দুৰ্ঘটনাটোৰ পিছতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চিকিৎসালয়ত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্তসকলৰ অৱস্থাৰ বুজ লয়।