মহানগৰ আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী, গাঞ্জাসহ জব্দ বহিঃৰাষ্ট্ৰৰ নিষিদ্ধ চিগাৰেট

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

এইবাৰ মহানগৰ আরক্ষীৰ জালত এগৰাকী গাঞ্জা সৰবৰাহকাৰী।

বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে গাঞ্জা ব্যৱসায়ী ৰাজদীপ মজুমদাৰ।

বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিম্পল গৈয়াৰীৰ নেতৃ্ত্বত খানাপাৰা, পাটৰকুছিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে গাঞ্জ ব্যৱসায়ীজনক।

ৰাজদীপ মজুমদাৰে দীৰ্ঘদিন ধৰি মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পাটৰকুছি, বশিষ্ঠ, খানাপাৰাৰ বিভিন্ন অঞ্চলত চলাই আহিছিল গাঞ্জৰ ব্যৱসায়।

ধৃত লোকজনৰ পৰা বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা, দুটা মোবাইল ফোন, ১০০ ৰোলিং পেপাৰ আৰু নিষিদ্ধ বহিঃৰাষ্ট্ৰৰ চিগাৰেটৰ দুটা বাণ্ডিল।

ৰাজেদীপ মজুমদাৰৰদ ঘৰ বশিষ্ঠৰ পাটৰকুছিত।