ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি খাৱৈত পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি খাৱৈত পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱতিনিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰামতে গৌৰীপুৰৰ হাজাৰিঝৰ্ণাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এইখন চিমেন্ট ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি দলঙৰ তলৰ খাৱৈত বাগৰি পৰে।

বঙাইগাঁও দিশৰ পৰা গৌৰীপুৰ অভিমুখি আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন।

ট্ৰাকখনৰ নম্বৰ এএছ০১ জেচি৭৪৪৬ ।

ট্ৰাকখনৰ চালক শ্বাহআলম শ্বেখ আৰু হেণ্ডিমেন চাহিদুল ইছলামে স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।