ৰাজ্যত অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি।
ইয়াৰ মাজতে পুনৰ উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।
কিয়নো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী।
অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত ক্ৰমাত্ বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ।
ফলত নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ বান্ধৰ ওপৰেৰে ভয়াৱহ ভাৱে বাগৰিছে পানী।
যাৰ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতি সৃষ্টিৰ আশংকা কৰা হৈছে।
ধেমাজি, লখিমপুৰ, মাজুলীলৈ অশনি সংকেত কঢ়িয়াই আনিছে এই ভয়াৱহ পৰিস্থিতিয়ে।









