ট্ৰাক আৰু চাৰিচকীয়া বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, কেইবাজনো লোক আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু চাৰিচকীয়া বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষত কেইবাজনো লোক আহত

বিশ্বনাথ জিলাৰ হেলেমত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটে।

এই পথ দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও কেইবাজনো লোক কম বেছি পৰিমাণে আহত হৈছে।

জানিব পৰা মতে, সোমবাৰে নিশা হেলেমৰ মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয়। এখন ট্ৰাকৰ লগত এখন বিলাসী ফৰচুনাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ানক পথ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ লোক ঘটনাস্থলিত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্থ বাহন দুখন উদ্ধাৰ কৰে আৰু আঘাতপ্ৰাপ্ত সকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে চাৰিলেনযুক্ত পথ নিৰ্মানকাৰী সংস্থাই ৰাস্তাৰ দুয়োকাষে জমা কৰি ৰখা মাটিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকে অভিযোগ কৰিছে।