ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা।
স্বামী আৰু তিনি বছৰীয়া কন্যা সন্তানক এৰি থৈ যোৱা মাতৃৰ নাই কোনো খা-খবৰ।
লখিমপুৰ জিলাৰ বান্দৰদেৱাত হঠাৎ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অঞ্চলটোৰ প্ৰশান্ত দেউৰীৰ পত্নী ৰিতামনী দেউৰী যোৱা ২২ জুনৰ পৰা বান্দৰদেৱাৰ PTC ৰ সমীপৰ ভাড়া থকা কোঠাৰ পৰা নিৰুদ্দেশ হৈ আছে।
বহু বিচাৰ খোচাৰ কৰিও বিচাৰি নাপাই পত্নীক ঘূৰি আহিবলৈ হাত যোৰ কৰি কাতৰে আহ্বান জনাইছে স্বামীয়ে।
ঘটনা সন্দৰ্ভত বান্দৰদেৱা আৰক্ষীক অৱগত কৰাৰ পাছতো একো শুংসূত্ৰ নাপায় অৱশেষত সংবাদ মাধ্যমৰৰ কাষ চাপিল স্বামী প্ৰশান্ত দেউৰী।
এগৰাকী মৰমলগা ৩ বছৰীয়া কন্যা সন্তানক ঘৰত এৰি ইমানদিনে ৰীতামণি দেউৰী ক’ত আছে তাক লৈ এতিয়া ভীষণ চিন্তিত স্বামী।
সেয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক হাতযোৰ কৰি কনমানিজনীৰ মুখলৈ চাই পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে।
ইপিনে মাতৃক বিচাৰি ভোকে পিয়াহে চকুলো টুকিছে ৩ বছৰীয়া কনমানী জনীয়েও।









