সাফল্যৰ সুখঃ ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ এগৰাকী মহিলা

নিউজ ডেস্কঃ মনত ইচ্ছাশক্তি থাকিলে অসম্ভৱ একো নহয়।

প্ৰৱল আগ্ৰহ, অধ্যাৱসায় আৰু পৰিশ্ৰমে মসৃণ কৰি তোলে সপোনৰ বাট। ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয় সেই কথাই প্ৰমাণ কৰি দেখুৱালে নলবাৰীৰ এগৰাকী মহিলাই।

অতি কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈ সুদীৰ্ঘ কাল পৰিয়ালৰ দায়িত্ব বহন কৰি অৱশেষত ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২ পুত্ৰ সন্তানৰ মাতৃ অজিতা বৰ্মনে।

image 2022 06 28 13 18 49
সাফল্যৰ সুখঃ ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ এগৰাকী মহিলা 4

নলবাৰীৰ বানেকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এখন বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৫৫ বৰ্ষীয় অজিতা বৰ্মন।

সংবাদ মাধ্যমৰ সৈতে কথাপাতি অজিতা বৰ্মনে কয় যে তেওঁৰ পূৰ্বৰে পৰাই স্নাতক শিক্ষা গ্ৰহণ কৰাৰ ইচ্ছা আছিল।

বিয়াৰ পিছত পৰিয়ালৰ দায়িত্ব বহন কৰিবলগীয়া হোৱাত তেওঁ নিজৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত থমকি ৰ’বলগীয়া হৈছিল।

image 2022 06 28 13 20 44
সাফল্যৰ সুখঃ ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ এগৰাকী মহিলা 5

তেওঁৰ শাহুৱেকে তেওঁক শিক্ষাৰ প্ৰতি উৎসাহিত কৰিলেও শহুৰেকৰ ফালৰ পৰা বাধা আহিছিল শিক্ষাগ্ৰহণ কৰাত। কিন্তু অৱশেষত পৰিয়ালৰ জা-জঞ্জালৰ পৰা কিছু মুকলি হৈ তেওঁৰ পুনৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সুখ্যাতিৰে উত্তীৰ্ণও হয়।

আগলৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ আগ্ৰহ ব্যক্ত কৰি অজিতা বৰ্মনে। আনহাতে মাতৃৰ এই সাফল্যত সুখী হৈ পৰিছে তেওঁৰ দুই সন্তানো।

লগতে চাওকঃ

আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?

G1 25
সাফল্যৰ সুখঃ ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ এগৰাকী মহিলা 6