নিউজ ডেস্কঃ লেখক আৰু প্ৰকাশকৰ গ্ৰন্থস্বত্ব উলংঘা কৰি গ্ৰন্থৰ বৃহৎ ক’লা বজাৰ চলাই থকা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ আৰক্ষীয়ে।
ড০ ভৱেন্দ্ৰ নাথ শইকীয়া, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আজিৰ প্ৰজন্মৰ খ্যাতনামা অসমীয়া সাহিত্যিক সকলৰ গ্ৰন্থসমূহ অবৈধভাৱে ইন্টাৰনেটত পিডিএফ ফাইলৰূপে প্ৰকাশ কৰি অসমীয়া সাহিত্য তথা লেখক-প্ৰকাশকসকললৈ ভাবুকি কঢ়িয়াই অনা মণ্টু ডেকা নামৰ যুৱকজনক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিয়োজিত মণ্টু ডেকা নামৰ যুৱকজনে ‘ডিজিটেল তিনিচুকীয়া’ নামৰ এটা ৱেবচাইটত ৫ হাজাৰৰো অধিক অসমীয়া গ্ৰন্থ পিডিএফ আকাৰে প্ৰকাশ কৰিছিল।

মণ্টু ডেকাৰ এই গ্ৰন্থ পাইৰেচীৰ অসৎ কাৰ্য দৃষ্টিগোচৰ হোৱাৰ পিছতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে পাণবজাৰ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তাৰ পিছতে মহানগৰ আৰক্ষীয়ে কপিৰাইট আইন উলংঘা কৰাৰ অপৰাধত অভিযান চলাই তিনিচুকীয়াৰ ঔগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে মণ্টু ডেকাৰ।
আৰক্ষীৰ জিম্মাত ইতিমধ্যে অভিযুক্তজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। লগতে জনৈক গগৈ উপাধিৰ এগৰাকী যুৱতীও এই কাৰ্যত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত মণ্টু ডেকাই।
ইফালে মণ্টু ডেকাক গ্ৰেপ্তাৰৰ পিচতে সোমবাৰে পাণবজাৰ থানাত উপস্থিত হয় সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ নেতৃবৰ্গৰ লগতে সাহিত্য অকাডেমী বঁটা বিজয়ী সু-সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু ৰীতা চৌধুৰী। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অভিযুক্তজনক আইনগত শাস্তি প্ৰদানৰ দাবী জনায়।









