দ’মে দ’মে ATM কাৰ্ড, নকল নোটসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হাফিজুল ইছলাম…

গুৱাহাটীৰ সাতগাঁৱত নিশা হাতিগাঁও আৰক্ষীৰ অভিযান।

অভিযানত কেইবাখনো ATM কাৰ্ড, নকল নোটসহ আৰক্ষীৰ জালত হাফিজুল ইছলাম নামৰ এজন।

হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হৈছে লোকজন।

185
দ’মে দ’মে ATM কাৰ্ড, নকল নোটসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হাফিজুল ইছলাম... 3

আৰক্ষীয়ে জব্দ কৰে ভিন্ন জনৰ নামত থকা কেইবাখনো ATM কাৰ্ড, ১৫ হাজাৰ টকাৰ নকল নোট, নকল নোট বনোৱা পেপাৰ, মোবাইল ফোন, বহু ভুৱা নথিপত্ৰ। লগতে জব্দ হয় এখন প্ৰেছ কাৰ্ড।

ধৃত হাফিজুল ইছলামৰ পৰা জব্দ কৰা হৈছে AS12Y4716 নম্বৰৰ এখন বেলেনো বাহনো।

এটা পৰ্টেল চেনেলৰ ভূৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম।

ধৃত হাফিজুলে দিশপুৰত ভাৰাঘৰত বাহৰ পাতি চলাই গৈছিল নকল নোট, এটিএম কাৰ্ড সলনি কৰি ধন লুটৰ ঘটনা।

ATM ত প্ৰবেশ কৰি ভিন্ন লোকৰ পৰা সলাই লৈছিল এটিম কাৰ্ড। সেই কাৰ্ডেৰে উলিয়াইছিল ধন ৰাশি।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে।

লগতে চাওকঃ

আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?

G1 25
দ’মে দ’মে ATM কাৰ্ড, নকল নোটসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হাফিজুল ইছলাম... 4