আজি বান পৰিস্থিতি বুজ ল’বলৈ এইখন জিলালৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানেও অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি।

বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা অঞ্চলসমূহলৈ গৈ প্ৰতিদিনে পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি বানে বিধ্বস্ত কৰা বজালি-বৰপেটালৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৰপেটা-পাঠশালাৰ শেহতীয়া বান পৰিস্থিতি বুজ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে।

জিলা খনৰ বান পৰিস্থিতি পুনৰ অৱনতি ঘটাৰ বাবে যাত্ৰা কৰিব মুখ্যমন্ত্ৰী গৰাকিয়ে।

উল্লেখ্য যে, বজালীৰ মেধিকুছিত পুনৰ পহুমৰা নদীয়ে সৃষ্টি কৰিছে বানৰ।

পূৰ্বে ভগা মাথাউৰি দি পুনৰ তীব্ৰ গতিত পানী সোমোৱাৰ ফলত বিস্তৰ্ণ অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে।

পানী সোমোৱাৰ ফলত আশ্ৰয় বিচাৰি বহু লোকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।