আমীৰ খানৰ বদান্যতা! অসমৰ বন্যাৰ্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ২৫ লাখ টকাৰ সাহায্য

বলিয়া বানে সৰ্বস্বান্ত কৰিলে ৰাজ্যবাসীক।

উজনি কি নামনি সকলোতে বানপানীৰ ভয়াৱহ পৰিস্থিতি।

বানপানীৰ কবলত পৰি ঘৰবাৰী হেৰুৱাই আলৈ আথানি নোহোৱা হৈ পৰিছে বহু লোকৰ। ঠায়ে ঠায়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই।

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু বিশিষ্ট লোকে অসমলৈ আগবঢ়াইছে সহায়ৰ হাত।

এইবাৰ বলিউডৰ অভিনেতা আমীৰ খানে বান বিধ্বস্ত অসমলৈ দেখুৱাইছে মহানুভৱতা।

অসমৰ বান পীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অভিনেতাগৰাকীয়ে আগবঢ়ালে ২৫ লাখ টকাৰ সাহায্য।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা। লগতে অভিনেতাগৰাকীক এই দানৰ বাবে ধন্যবাদো জনায় মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুকেশ আম্বানীয়ে ২৫ কোটি টকা, অভিনেতা অৰ্জুন কাপুৰ , ছবি পৰিচালক ৰোহিত ছেট্টি আনকি ধৰ্মগুৰু দালাই লামায়ো অসমৰ বানৰ বাবে আৰ্থিক সহায় আগবাঢ়াইছে।