বহিঃৰাজ্যত ৰহস‍্যজনক মৃত‍্যু অসমৰ বাসিন্দাৰ

নিউজ ডেস্ক। গুজৰাটৰ আহমেদাবাদত অসমৰ এগৰাকী লোকে ৰহস‍্যজনকভাৱে মৃত‍্যুক আকোঁৱালি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল‍্যৰ।

মৃত্যু হোৱা লোকজনক হোজাইৰ কৃষ্ণনগৰৰ দিলীপ কীৰ্ত্তনীয়া বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে জনোৱা মতে বিগত কেইবা বছৰ ধৰি আহমেদাবাদৰ এটা ব‍্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।

photo 2022 06 27 16 10 51
বহিঃৰাজ্যত ৰহস‍্যজনক মৃত‍্যু অসমৰ বাসিন্দাৰ 2

ঘটনা সংঘটিত হোৱাৰ দিনা অৰ্থাৎ শনিবাৰে নিশা ১২ বজালৈকে ব‍্যক্তিজনে ঘৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

দেওবাৰে পুৱাই ফোনযোগে তেওঁলোকে এই অনাকাঙ্খিত খবৰটো লাভ কৰাত অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে।

পৰিত‍্যক্ত অঞ্চলত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰা হয়।

ইতিমধ্যে, মৃতদেহ উদ্ধাৰ হোৱা স্থানত প্ৰশাসনৰ লোক উপস্থিত হৈ মৃত দিলীপৰ মৃতদেহ থানালৈ লৈ যোৱা হৈছে বুলিও ফোনযোগে জানিব পৰা হৈছে।

ইফালে এই মৃত্যু স্বাভাৱিক বুলি মানি লব পৰা নাই পৰিয়ালৰ লোকে।

এই লৈ এতিয়াও অঞ্চলজুৰি চাঞ্চল‍্য অব্যাহত আছে।