অসম

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ…

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ।

মঙলবাৰে গোৱালপাৰা চহৰৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল তিনিগৰাকী কিশোৰ।

অৱশেষত উদ্ধাৰ হয় তিনি কিশোৰৰ মৃতদেহ।

কিশোৰ তিনিগৰাকীৰ ভিতৰত নবী হুছেইনৰ মৃতদেহ আজি দুপৰীয়াৰ ভাগত NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰে।

আনহাতে বিয়লি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত উদ্ধাৰ অভিযান স্থগিত কৰাৰ সময়তে ধুমুহা বৰষুণৰ বাবে সৃষ্টি হোৱা নৈৰ ঢৌ ফলত মুক্তাৰ হুছেইন, আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ দুটা ভাঁহি উঠে।

পিছত উদ্ধাৰকাৰী বাহিনী আৰু স্থানীয় ৰাইজে মৃতদেহ দুটা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, গোৱালপাৰা চহৰৰ বৰ পাহাৰৰ চাৰি গৰাকী কিশোৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ অহাৰ পিছতে তিনি গৰাকী কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে।

তিনি কিশোৰৰ সলিল সমাধিৰ ঘটনাই সমগ্র গোৱালপাৰা চহৰত পেলাইছে শোকৰ ছা।

Leave a Reply

Your email address will not be published. Required fields are marked *