ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।
উপ নিৰ্বাচনত আসন নিজৰ দখলত আনিবলৈ ইতিমধ্যে উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল।
সাজু হৈছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলো।
উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব ধৈয্য কোঁৱৰ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ নাম সংবাদমেলযোগে ঘোষণা কৰে অখিল গগৈয়ে।
এই পৰ্যন্ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ধৈয্য কোঁৱৰৰ নামটো ঘোষণা কৰে।
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়- ‘১০৭ নং থাওৰা বিধানসভা আসনৰ বাবে মই ধৈয্য কোঁৱৰক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো।’
উল্লেখ্য যে, অসমত বৰ্তমান বিধানসভাৰ ৬ খন আসন খালী হৈ আছে।
থাওৰাৰ লগতে গোসাইগাঁও, তামুলপুৰ, ভৱানীপুৰ, মৰিয়নী আৰু মাজুলীতো হ’ব উপ নিৰ্বাচন হ’ব।









