কলৰ ভূৰেৰে বান্যাৰ্তৰ কাষলে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই…

বলিয়া বানে সৰ্বস্বান্ত কৰিলে ৰাজ্যবাসীক।

শেহতীয়াভাৱে ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানে এফালৰ পৰা তচনচ কৰিলে সকলো।

গোধনৰ লগতে ঘৰবাৰী হেৰুৱাই শিবিৰত আশ্ৰই ল’ব লগা হৈছে ৰাজ্যৰ লাখ লাখ সাধাৰণ জনতাই।

image 222
কলৰ ভূৰেৰে বান্যাৰ্তৰ কাষলে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই... 4

ইয়াৰ মাজতে বান বিধ্বস্ত নলবাৰীত বন্যাৰ্তৰ কাষত উপস্থিত হৈ মনৰ বুজ ল’লে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।

বানে সংহাৰী ৰূপ ধাৰণ কৰা নলবাৰীত শনিবাৰে বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে পাপনে।

image 221
কলৰ ভূৰেৰে বান্যাৰ্তৰ কাষলে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই... 5

নলবাৰীৰ পখুৰাত বানপিড়িত অঞ্চলত কলৰ ভূৰেৰে গৈ বানাক্ৰান্ত ৰাইজৰ মাজত বানসাহায্য বিতৰণ কৰে পাপনে।

পখুৰাৰ জলমগ্ন অঞ্চলত ভগ্ন অংশৰে কলৰ ভূৰত গৈ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰাক লৈ অঞ্চলবাসী যথেষ্ট আবেগিক হৈ পৰাৰ লগতে তেওঁক ধন্যবাদ জনায়।

image 220
কলৰ ভূৰেৰে বান্যাৰ্তৰ কাষলে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই... 6

ইফালে, বানে বিভীষিকাৰ সৃষ্টি কৰিলেও মৰমৰ শিল্পীজনক কাষতে পাই মনৰ ভাব আদান প্ৰদান কৰাৰ লগতে বহুতে তেওঁৰ লগত চেলফিও উঠে।