আজি মহা অম্বুবাচীৰ নিবৃত্তি, খোল খালে মা কামাখ্যা ধামৰ মূল দুৱাৰ…

আজি মহা অম্বুবাচীৰ নিবৃত্তি।

তিনিদিনৰ অন্তত খোল খালে মা কামাখ্যা ধামৰ দুৱাৰ।

পুৱাই মাৰ আশীৰ্বাদ ল’বলৈ নীলাচলৰ বুকুত ভিৰ কৰিছে হাজাৰ হাজাৰ সাধু–সন্ন্যাসীৰ লগতে ভক্তই।

image 224
আজি মহা অম্বুবাচীৰ নিবৃত্তি, খোল খালে মা কামাখ্যা ধামৰ মূল দুৱাৰ... 3

পুৱা ৫বাজি ৪৫ মিনিটত খুলি দিয়া হৈছে কামাখ্যা ধামৰ দুৱাৰ।

ইপিনে মা কামাখ্যা মন্দিৰত পুৱাতেই পত্নীসহ উপস্থিত হ’ল ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।

ৰাজ্যপাল গৰাকীয়েও পুৱাতেই গৈ আশিষ ললে মা কামাখ্যাৰ।

২২ তাৰিখৰ পৰা বন্ধ হৈ আছিল মন্দিৰৰ মুল দুৱাৰ।

image 223
আজি মহা অম্বুবাচীৰ নিবৃত্তি, খোল খালে মা কামাখ্যা ধামৰ মূল দুৱাৰ... 4

মা কামাখ্য়াৰ দৰ্শনৰ বাবে নিশাৰ পৰাই ভক্তই পাতিছে দীঘলীয়া শাৰী।

আজি সন্ধিয়া ৬ বজালৈকে ভক্তৰ বাবে খোলা থাকিব দুৱাৰ।