অসম

চাঞ্চল্যকৰ! স্কুললৈ যোৱাৰ পথত ৫ বছৰীয়া সন্তানসহ মাতৃ সন্ধানহীন…

এক চাঞ্চল্যকৰ ঘটনা।

উত্তৰ গুৱাহাটীত স্কুললৈ যোৱাৰ পথত ৫ বছৰীয়া সন্তানসহ মাতৃ সন্ধানহীন।

উত্তৰ গুৱাহাটী মধ্যমখণ্ডত বিদ্যালয়লৈ যোৱাৰ পথত কণমানি শিক্ষার্থীসহ সন্ধানহীন হৈ আছে মহিলাগৰাকী।

জানিব পৰা মতে, ২২ জুনৰ পুৱাই বিদ্যালয়ত পাঁচ বছৰীয়া সন্তানক থবৰ বাবে গৈছিল মাতৃ হীৰামণি ভুজেল। কিন্তু বিদ্যালয়লৈ যোৱাৰ পথত সন্তানসহ নিৰুদ্দেশ হয় মহিলাগৰাকী।

156

ঘটনাৰ দিন ধৰি পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ কৰিওঁ এতিয়ালৈ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই মাতৃসহ সন্তানৰ।

ইফালে, নিৰুদ্দেশৰ দিনাও বিদ্যালয়লৈ যোৱা নাছিল মাতৃ হীৰামণি ভূজেল আৰু সন্তান।

উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ ডিকেণ্ডী বিদ্যালয়ত অধ্যয়ন কৰিছিল পাঁচ বছৰীয়া জয়জিৎ ভূজেলে।

খবৰ অনুসৰি ২২ জুনৰ আবেলি গুৱাহাটী মালিগাঁৱত ঘূৰি-ফুৰা দেখিছিল প্রত্যক্ষদর্শীয়ে।

সন্ধানহীন মাতৃ-পুত্ৰৰ বিষয়ে পৰিয়ালে ইতিমধ্যে অৱগত কৰাইছে আৰক্ষীক।

আৰক্ষীয়ে মাতৃ আৰু সন্তানক উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই।

কোনো লোকে নিৰুদিষ্ট মাতৃগৰাকীৰ লগতে শিশুটিৰ কোনো খবৰ পালে ওচৰৰ থানা নতুবা ৯੦੦২৭-੦৯৯৬৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।