বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে নগাঁৱৰ বিভিন্ন বান বিধ্বস্ত এলেকা।
প্ৰথমে ৰে’লেৰে চাপৰমূখত উপস্থিত হৈ ৰে’ল ষ্টেচনত মুখ্যমন্ত্ৰীয়ে বনাক্ৰান্তৰ লগত মত বিনিময় কৰে।
তাৰ পিছত তেওঁ পুনৰ ৰে’লৰে কামপুৰত উপস্হিত হয় ৷ কামপুৰ ৰে’ল ষ্টেচনত আশ্ৰয় লোৱা বানাক্ৰান্ত সকলৰ লগত মতবিনিময় কৰে ৷ বানত সৰ্বস্বান্ত হোৱা সকলক সান্তনা দিয়াৰ লগতে বানাক্ৰান্ত সকলক সহায় কৰিবলৈ চৰকাৰ সদায় প্ৰস্তুত বুলি আশ্বাস দিয়ে।
তাৰ পৰা স্পীড বোটেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি কঠীয়াতলীলৈ ৰাওনা হয়। কঠিয়াতলীলৈ গৈ তাৰ পৰা গাড়ীৰে ৰহালৈ ৰাওনা হয়।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰত উপস্থিত হৈ শিবিৰটোৰ প্ৰতিটো কোঠালৈ গৈ বানাক্ৰান্তৰ লগত বাৰ্তালাপ কৰে।
Interacted with flood-affected families taking shelter at makeshift relief camps along the National Highway at Nellie during my visit to Morigaon district.
— Himanta Biswa Sarma (@himantabiswa) June 22, 2022
While assuring them all help, I asked district administration to take best care of inmates. pic.twitter.com/R0aIYerzsV
শিবিৰৰ একাংশ লোকে ৰহাৰ দূৰ্গাজানৰ মথাউৰিটো শক্তিশালী কৈ নিৰ্মান কৰি ৰাইজৰ জীৱন বচাবলৈ মুখ্যমন্ত্ৰীক জোৰ কৈ ধৰাত পানী শুকালে নিজেই দূৰ্গাজানলৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।
বান শিবিৰত থকা শিশুৰ ওমলা গৃহত প্ৰবেশ কৰি শিশু সকলে পৰিবেশন কৰা গীত শুনে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে বানপানী পৰিদৰ্শন কৰি কয়- নগাঁও জিলাৰ এক বৃহৎ এলেকা বানে প্লাবিত কৰিছে৷ বানপানী কমাৰ পিছত প্ৰলয়ংকৰী বানৰ কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হ’ব।









