হেলিকপ্টাৰ নহয়, নাৱেৰে বান বিধ্বস্ত এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে নগাঁৱৰ বিভিন্ন বান বিধ্বস্ত এলেকা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বান বিধ্বস্ত এলেকালৈ গৈ বান পানীৰ বুজ লৈছে।

ইমানেই নহয় আশ্ৰয় শিবিৰ সমূহলৈ নিজেই গৈ শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে পাইছেনে নাই তাৰ নিজেই বুজ লৈছে ভুক্তভোগীসকলৰ পৰা।

প্ৰথমে ৰে’লেৰে চাপৰমূখত উপস্থিত হৈ ৰে’ল ষ্টেচনত মুখ্যমন্ত্ৰীয়ে বনাক্ৰান্তৰ লগত মত বিনিময় কৰে।

তাৰ পিছত তেওঁ পুনৰ ৰে’লৰে কামপুৰত উপস্হিত হয় ৷ কামপুৰ ৰে’ল ষ্টেচনত আশ্ৰয় লোৱা  বানাক্ৰান্ত সকলৰ লগত মতবিনিময় কৰে ৷ বানত সৰ্বস্বান্ত হোৱা সকলক সান্তনা দিয়াৰ লগতে  বানাক্ৰান্ত সকলক সহায় কৰিবলৈ চৰকাৰ সদায় প্ৰস্তুত বুলি আশ্বাস দিয়ে।

তাৰ পৰা স্পীড বোটেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি কঠীয়াতলীলৈ ৰাওনা হয়।  কঠিয়াতলীলৈ গৈ তাৰ পৰা গাড়ীৰে ৰহালৈ ৰাওনা হয়।

ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰত উপস্থিত হৈ শিবিৰটোৰ প্ৰতিটো কোঠালৈ গৈ বানাক্ৰান্তৰ লগত বাৰ্তালাপ কৰে।

বিধ্বংসী বান সত্বেও হেলিকপ্টাৰেৰে বান পৰিস্থিতিৰ বুজ লোৱাৰ পৰিৱৰ্তে, নাৱেৰে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰাক লৈ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে বন্যাৰ্তই।