বৃহস্পতিবাৰৰ পৰা মাজুলী-যোৰহাটৰ মাজত চলিব ২খন ৰ-পেক্সসহ ৬ খন জাহাজঃ মুখ্যমন্ত্ৰী

ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত দ্বিতীয়বাৰৰ বাবে নিমাতীঘাটত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিমাতী-কমলাবাৰী ঘাটৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আভ্যন্তৰীন জলপৰিবহণ বিভাগৰ বিষয়াবৰ্গৰ সৈতেওঁ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

বৃহস্পতিবাৰৰ পৰা মাজুলী-যোৰহাটৰ মাজত চলিব ২খন ৰ-পেক্সসহ ৬ খন জাহাজ।

যাত্ৰীৰ নিৰাপত্তা আৰু বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ দিশ নিৰীক্ষণৰ বাবে যোৰহাট-মাজুলীৰ পৰা নিয়ন্ত্ৰিত চিচিটিভি কেমেৰা দুয়োটা ঘাটত স্থাপনৰ ব্যৱস্থা কৰা হ’ব।

তদুপৰি মাজুৰীল পৰা ঢকুৱাখনা বগীনদী হৈ গুৱাহাটীলৈ প্ৰাৰম্ভিক পৰ্যায়ত দুখন নৈশ বাছ দৈনিক চলাচলৰ ব্যৱস্থাও কৰা হ’ব।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

পাৰ ঘাটত অবৈধ নাৱৰ বেহা আৰু দালাল ৰাজ বন্ধ কৰাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

নিমাতী ঘাটৰ পিচতে মুখ্যমন্ত্ৰীগৰাকী সপত্নীক প্ৰখ্যাত ঢেকীয়াখোৱা নামঘৰত উপস্থিত হয়।

নামঘৰত ধূপ, দ্বীপ নৈবেদ্যৰে শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰে সপত্নীক মুখ্যমন্ত্ৰীয়ে।

এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

Leave a Comment