শেহতীয়াভাৱে সামাজিক মাধ্যমত বিশেষভাৱে ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো।
ফটোখন বহুতেই শ্বেয়াৰ কৰি প্ৰশংসাৰে উপচাই পেলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে পেঞ্চন সঞ্চলকালয় (Directorate of Pension)ৰ কাৰ্যালয়লৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কাৰ্যালয়টোত উপস্থিত হৈ মহানুভৱতাৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী শৰ্মাই।
সাধাৰণতে মন্ত্ৰী-বিধায়কসকল যলৈকে যায় তাতেই তেওঁলোকে সুকীয়া আসন পায়।
যি কোনো চৰকাৰী কাৰ্যালয়তে মুৰব্বী বিষয়াজনেও মন্ত্ৰী বিধায়কক নিজৰ আসম এৰি দিয়ে আৰু এই ৰাজনৈতিক নেতাসকলেও কোনো আপত্তি নকৰি নিৰ্দিষ্ট আসনখনত বিনা দ্বিধাই বহি দিয়ে।
কিন্তু মঙলবাৰে মুখ্যমন্ত্ৰীয়ে সঞ্চালকৰ কোঠাত বহিল অন্য এখন আসনতহে।

ফটোখনত যদিও একো নাই, তথাপি প্ৰচলিত ধ্যান-ধাৰণাৰ পৰিপ্ৰেক্ষিতত কিছু পৃথক হোৱা বাবে এই ফটোখনে ছচিয়েল মিডিয়াত বুটলিছে প্ৰশংসা।
উল্লেখ্য যে, মঙলবাৰে পেঞ্চন সঞ্চালকালয়ত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ ভিতৰত অন্যতম হৈছে প্ৰতি মাহত এহাজাৰ পেণ্ডিং পেঞ্চনৰ কাম সমাধা কৰাৰ নিৰ্দেশ।









