অসম

বিধ্বংসী অগ্নিকাণ্ড জাহ গ’ল ৪খনকৈ দোকান, ১০ লাক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত…

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৌ-বজাৰত নিশা এক বিধ্বংসী অগ্নিকাণ্ড।

মঙ্গলবাৰে নিশা প্ৰায় ১২ঃ১০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় চাৰিখনকৈ দোকান।

সম্পূৰ্ণৰূপে ভস্মীভূত প্ৰায় ১০ লক্ষাধিক টকাৰ সম্পত্তি।

জুইত জাহ যায় ৰাফেদ আলী আহমেদৰ ফাৰ্মাচী, হোলছেল ব্যৱসায়ী তাৰামিয়াৰ পান দোকান, সঞ্জন শীলৰ ছেলুন আৰু আকিদুৰ ৰহমানৰ এখন গেলামালৰ দোকান।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দোকান কেইখনত কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *