অৱশেষত স্বগৃহত উপস্থিত হ’ল বাংলাদেশৰ ফেনী কাৰাগাৰত বন্দী হৈ থকা মঙলদৈৰ মুকুল হাজৰিকা।
চুবুৰীয়া ৰাষ্ট্ৰখনৰ বৰ্ডাৰ গাৰ্ডছৰ এটা দলে কোনো ৰিমাণ্ড অবিহনেই ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়ে হাজৰিকাক।
মুকুল হাজৰিকাক ত্ৰিপুৰা আৰক্ষীসহ পিতৃ ফুলেশ্বৰ হাজৰিকা, দৰঙৰ উপ-পৰিদদৰ্শক ডান্টেজিৎ দেউৰীৰ উপস্থিতিত গতাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীক।
পাছলৈ দক্ষিণ ত্ৰিপুৰা জিলাৰ বেলিয়নি আৰক্ষী থানাই মুকুলক অসম আৰক্ষীক অৰ্পণ কৰে।
২০১৭ চনৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মঙলদৈৰ হোদাপাৰাৰ মুকুল হাজৰিকা।
২০১৯ চনৰ নৱেম্বৰ মাহত মুকুল হাজৰিকা বাংলাদেশৰ কাৰাগাৰত থকাৰ বিষয়ে বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্তই দৰঙৰ আৰক্ষী অধীক্ষকসহ ৰাজ্যৰ প্ৰশাসনক অৱগত কৰিছিল।
দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাক পদক্ষেপত উদ্ধাৰ হয় মুকুল হাজৰিকা।
নিজৰ গাঠিৰ ধন ভাঙি এজন অসমীয়া যুৱকক বাংলাদেশৰ পৰা ঘৰলৈ অনাৰ বাবে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাক সকলোৱে প্ৰশংসাৰে ওপচাই দিছে।









