আৰক্ষীৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি বাহন, আটক তিনি যুৱক>
মাৰ্ঘেৰিটাৰ বৰডুমচাৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় চোৰাং কাঠ ভৰ্তি বাহনখন।
জব্দকৃত কাঠখিনি সৈতে আৰক্ষীয়ে আটক কৰে তিনিজন যুৱকক।

উল্লেখ্য যে ডিৰাক উদ্যানৰ পৰা এএছ-২৩বিচি-৪২৭৩ নম্বৰৰ কাঠভৰ্তি ট্ৰাকসহ আটক কৰে দেৱজিৎ মৰাণ, অন্ত্ৰজিৎ মৰাণ আৰু ভাষ্যণ বৰা নামৰ তিনি যুৱকক।
ইতিমধ্যে জব্দকৃত কাঠখিনিৰ সৈতে বাহনখন বন বিভাগক চমজাই দিয়ে বৰডুমচা আৰক্ষীয়ে।
কাঠখিনিৰ মূল্য বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।









