নিউজ ডেস্কঃ অসম অথবা উত্তৰ-পূবেই নহয়, সমগ্ৰ ভাৰতৰ প্ৰান্তে প্ৰান্তে বাৰিষাৰ বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। বিশেষকৈ চৰঞ্চালত এজাক বৰষুণৰ পিছতে সৃষ্টি হোৱা কৃত্ৰিম বানে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। এই কৃত্ৰিম বানৰ কবলত পৰি প্ৰাণো হেৰুৱাবলগীয়া হৈছে বিভিন্ন জনে।
উত্তৰ প্ৰদেশৰ আলিগড় জিলাত বাৰিষাৰ প্ৰথমজাক বৰষুণতে শনিবাৰে পৌৰ নিগমৰ স্মাৰ্ট চিটিৰ পৰিকল্পনা কৃত্ৰিম বানত জাহ যায়। মাত্ৰ ৪৫ মিনিটৰ বৰষুণৰ পিছতে সমগ্ৰ চহৰখনৰ আৱাসিক অঞ্চল, পথ আৰু নলাবোৰ বৰষুণৰ পানীৰে প্লাৱিত হৈ পৰাত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হয়।
ইফালে, বহু অঞ্চলত কিছু সময়ৰ পিছতে জমা হোৱা পানী ওলাই যায় যদিও তাৰ ফলত সৃষ্টি হোৱা বোকাময় পৰিস্থিতিয়ে তীব্ৰ সমস্যাৰ সৃষ্টি কৰে সাধাৰণ পথচাৰী আৰু মটৰ চাইকেল আৰোহীসকলৰ বাবে।
চহৰখনৰ কৃত্ৰিম বান পৰিস্থিতিৰ মাজতে ৰামঘাট ৰোডৰ কিষাণপুৰ তিৰাহাৰ সমীপত এটা নলাত স্কুটীসহ সোমাই পৰে এহাল দম্পতী। যাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Visuals from UP's Aligarh.
— Piyush Rai (@Benarasiyaa) June 18, 2022
Leaving this here. pic.twitter.com/bOhACL96IW
বৰষুণৰ সময়ত ৰামঘাট ৰোডৰ কিষাণপুৰ তিৰাহাত অৱস্থিত বাবা মাৰ্কেটৰ সন্মুখত সংঘটিত হয় এই গুৰুতৰ দুৰ্ঘটনা। বন্নাদেৱী থানাত নিয়োজিত কনিষ্টবল দয়ানন্দ সিঙে অসুস্থ পত্নীক স্কুটীৰে চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে পথৰ কাষৰ এটা নলাত সোমাই পৰে।
দৰাচলতে বৰষুণৰ পানীৰে পথ আৰু নলা একাকাৰ হৈ পৰাৰ ফলততেই সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ পিছতে স্থানীয় লোক সকল আগবাঢ়ি আহি কনিষ্টবল দয়ানন্দ সিং আৰু তেওঁৰ পত্নীক নিৰাপদে নলাৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয়।
ইফালে এই দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে এগৰাকী মহিলা আৰু এজন যুৱকও নলাত পৰি যায়।
উল্লেখ্য যে, বৰষুণৰ বাবে চৰা আড্ডা দলং, গুৰুদ্বাৰা ৰোড, ষ্টেচন ৰোড, চেণ্টাৰ পইণ্ট চৌহদ, সমাদ ৰোড, মাৰিছ ৰোড, দীৱানী গেট, চিত্ৰ মহল চৌহদ, কন্ট্ৰল ৰুম, আমিৰ নিশা, ডডপুৰ, লক্ষ্মী বাই মাৰ্গ, কেলা নগৰ আদি সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰে৷
তদুপৰি চহৰৰ বহু আৱাসিক অঞ্চলত বৰষুণৰ পানী ঘৰ-দুৱাৰ, দোকান-পোহাৰত প্ৰৱেশ কৰে। কেৱল এয়াই নহয়, পানী জমা হোৱাৰ বাবে পৌৰ নিগমৰ সেৱা ভৱন চৌহদ, জৱাহৰ ভৱন আৰু মেয়ৰৰ কাৰ্যালয়ো প্লাৱিত হৈ পৰে।









